অণু-কবিতা
অণু-কবিতা
°°°°°°°°°°°°°°
✍️জাহ্নৱী কাকতি
(১)
চহাই মৈয়াই
পথাৰখন চিকুণালোঁ।
কঠিয়া ৰুব লওঁতেই
আকাশখন খহি পৰিল।
(২)
জীৱনে যিয়েই দিছে
মানি লৈছোঁ সদায়।
এতিয়া যে বুকুত
বুদ্ধক ধাৰণ কৰিছোঁ।
ৰ'দ হওক বা বৰষুণ
হাৰ মনাব নোৱাৰে।
(৩)
পৰীক্ষাৰ অন্ত পৰিব
আকৌ ৰাতিপুৱাব।
Comments
Post a Comment