তেজত শিপাই থকা সেই পুৰুষজন

তেজত শিপাই থকা সেই পুৰুষজন
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
                      ✍️জাহ্নৱী কাকতি

বুকুৰ সমস্ত ভালপোৱা উজাৰি দি
প্ৰতিটো উশাহ তেওঁৰ নামত সঁপি দিয়া সমৰ্পণৰ পাছতো যদি প্ৰিয় পুৰুষজনক
সুখী কৰিব পৰা নাযায় সেয়া হয়তো নিজৰেই চৰম ব্যৰ্থতা।

তেওঁক সুখী কৰিবলৈ
মোৰ নিত্ত নতুন আয়োজন,
ভালে থাকক মোৰ প্ৰিয় পুৰুষ।
সুখী কৰিব পৰা জোখাৰে মই চহকী নহয় তথাপিও তেওঁক মুক্ত কৰি দিব পৰাকৈ মই নিঃস্বাৰ্থ নহয়।

ভালপোৱাৰ স্বাৰ্থত বুকুত ধাৰণ কৰি ৰাখোঁ তেওঁক।
প্ৰেমৰ বজাৰত তেওঁ হেনো 'লাৱাৰিছ লাছ'।
চিন্তাবোৰ পাহাৰৰ দৰেই উচ্চ,
হৃদয় নৈৰ পানীৰ দৰেই স্বচ্ছ
আৰু সোঁতত বৈ যাব পৰাকৈ সৰল বাবেই কংক্ৰিটৰ চহৰত তেওঁক তেওঁৰ সাঁচতে ধৰি ৰাখিবলৈ হাজাৰ অভিমানৰ পাছতো কাষত থাকোঁ।

হিয়াত ভালপোৱাৰ বুৰবুৰণি তুলিব পৰাকৈ তেওঁ মোৰ প্ৰিয়তম পুৰুষ,
শিলৰ পোছাকযোৰ খুলি সামৰি থ'ব পৰাকৈ বিশ্বাসৰ বৰপেৰা
অথবা বুকুৰ বাৎসল্য প্ৰেমক নিচুকাই থ'বলৈ এটি মৰম আকলুৱা শিশু;
মোৰ প্ৰতিটো অন্বেষণৰ সীমনা তেওঁ।
মোহ আছে বাবেই হেৰুওঁৱাৰ ভয় জাগে।
তেওঁ যে কথাই কথাই আত্মহননৰ কথা টানে।

আকৰ্ষণ মানে ভালপোৱা নহয়,
কিন্তু ভালপোৱাততো আকৰ্ষণ থাকে।
আকৰ্ষণ অবিহনেতো প্ৰেম হ'ব নোৱাৰে।
এযুৰি উজ্জ্বল চকু,দুটি গোলাপী ওঁঠ,কাৰোবাৰ উদ্দাত্ত কণ্ঠ,নতুবা নিভাঁজ স্বভাব।
যিকোনো হ'ব পাৰে ভালপোৱাৰ প্ৰথমটো চিৰি।

সম্পৰ্ক এটা হৈ যোৱাৰ পাছত কোনো কাৰণ বা আকৰ্ষণত সীমাবদ্ধ হৈ নাথাকে ভালপোৱা।কেতিয়াও চাব নোখোজা আৰু মনত আটাইতকৈ কষ্ট দিয়া কথাটো হ'ল প্ৰিয়জনৰ সলনি হোৱা ৰূপটো।
যিটো স্বৰূপে এদিন সেই বিশেষজনক ওচৰ চপাই আনে,
সেই আকুলতা মনে আজীৱন বিচাৰে।

প্ৰিয়পুৰুষ বুলিলে মোৰ দুচকুত ভাঁহে এমুখ ডাঢ়িৰে এখনি সপ্ৰতিভ মুখ।
বীটৰুটৰ দৰে তেজাল তেওঁৰ মৌ-পিয়া দুওঁঠ।উন্মাদ কৰি দিব পৰাকৈ আৱেদনময়ী চকুযুৰি,
য'ত মই মোক বিচাৰি পাওঁ।
অৱচেতন মনতো নজহে নপমে যি ,
অৰ্হনিশে খেদি ফুৰে মোক সেই মুখাবয়বে।
কাহানিও কোনো পুৰুষে মোৰ তেজত
শিপাব পৰা নাই এনেদৰে,
যাক হেৰুওঁৱাৰ ভয়ে মোৰ তেজৰ চাপ নিম্নগামী কৰি তুলিব পাৰে।

মন গ'লেই কন্দুৱাব পাৰে তেওঁ ,
যিদৰে হহুঁৱাব পাৰে।
সঁচাকৈয়ে…
প্ৰেমে জীৱন্তে মৃত্যু দিব পাৰে,
যিদৰে দিব পাৰে জীৱন।
কি যে অদৃশ্য মায়াত বন্দী এই মন।
আঁতৰি থাকিলেও উশাহত তেৱেই থাকে।
এই কথা তেওঁ জানো বুজে!
অভিমানৰ আঁৰ লৈয়ে বাৰে বাৰেচোন হেৰাই থাকে।

কথাবোৰ কাহিনী হৈ উঠাৰ আগতেই কৈছিল তেওঁ …

"এদিন গুছি যাম এনেদৰেই,
যিদৰে আহিছিলোঁ…
পোহ মানি পোহনীয়া হ'ব পৰা গুণ মোক মোৰ ঈশ্বৰে নিদিলে…



Comments

Post a Comment

Popular posts from this blog

অস্তিত্ব

বিচ্ছেদ

দহন