অস্তিত্ব

 

অস্তিত্ব
°°°°°°°°°°°
                                    ✍️জাহ্নৱী কাকতি
                  
                         (এক)

জুইকুৰা নুমাই থবলৈ
দিনান্তত বেলিটোৱে সাগৰৰ ওচৰলৈ যায়।
বেলি আৰু সাগৰৰ এই প্ৰেম আজন্ম।

পোহৰে পোৰা বেলিৰ চকুক সামৰি থবলৈ
সাগৰেও বহল কৰি গৈ থাকে তাৰ বুকু।

এসাগৰ ভালপোৱাৰে অনাদি কাললৈ
সাগৰে জানো বেলিক
ৰাখি থ'ব পাৰে জুবুৰিয়াই

এই কথা সাগৰে,
জোবোৰা মাৰি  উঠি অহা বেলিক
কাহানিও সোধা নাই।

                          (দুই)

আকাশৰ ফেঁহুজালি ফালি
নৈখনিৰ স'তে বেলিটোৰ
অভিসাৰ চলে।

প্ৰতাৰণা যদি কৰিবই বিচাৰে
প্ৰয়োজন মাথোঁ
সাধাৰণ সুৰুঙা এটাৰহে।

নিতৌ সঙ্গমৰত হোৱাৰ পাছতো
নদীয়ে জানো দিব পাৰে বেলিক
নিজস্ব ঠিকনা
যিদৰে বেলি আকাশৰ বুকুৰ নক্ষত্ৰ।
                      
                    (তিনি)

পছোৱাত লঠঙা হোৱা গছেও
ব'হাগ অহাৰ ক্ষণ গণে
সেউজীয়া পোচাক এযোৰ  পিন্ধি লোৱাৰ পাছতো
শিপাই জানো মাটিক পাহৰে!


Comments

Post a Comment

Popular posts from this blog

বিচ্ছেদ

দহন