প্ৰতাৰণাত তিতি থাকে তেওঁৰ বুকুত এতিয়া এখন শূন্য চহৰ

প্ৰতাৰণাত তিতি থাকে তেওঁৰ বুকুত এতিয়া এখন শূন্য চহৰ
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
                                                ✍️ জাহ্নৱী কাকতি

শোৱাপাটীত সপোন এৰি সাৰে থাকে
তেওঁৰ ৰঙবিহীন চকুযুৰি,
উদাসী ভাবনা এটাই
গিলি ধৰে তেওঁৰেই ইচ্ছাৰ ৰাগী।
দূৰৈৰ ষ্টেচনত উকি মাৰি ৰেলখন
পাৰ হৈ গুচি যায় ক্ৰমশঃ
দূৰ দূৰণিলৈ
উকিটো তেওঁৰ কাণতে বাজি ৰয়
সাৰে থাকে ৰাতিটো,সাৰে থাকে তেওঁ!

বুকুৰ আছুতীয়া কোঠালিটোত
সপোন এটা গোপনে পুহি ৰাখিছিল তেওঁ,
এইবেলি বসন্তৰ চিপচিপিয়া বৰষুণজাকত
প্ৰেয়সীৰ স'তে তিতিব,গাব মধুযামিনীৰ গান।

ৰাতিৰ খোজত দিনটো পিছলিব ধৰোতেই
ঋতু এটা ভটিয়াই যায়,
প্ৰেমৰ পাটকাই বগাই বগাই তেওঁ
এজাক বৰষুণৰ প্ৰাৰ্থনা গায়।

আলোড়ন উঠে আকাশত
বতাহে বতাহে সুৰ এটি ভাঁহি আহি
তেওঁৰ কাণত পৰে,
নীলা ব্লাউজৰ কাষলতিত
আতৰ সানি এইবাৰ হেনো
তেওঁৰ প্ৰেয়সী নাহে!
আস…কি যে বিড়ম্বনা…
মেঘেও কৰে তেওঁৰ সৈতে প্ৰতাৰণা…

কোনোবা অচিন ষ্টপেজত বাস কৰে
এতিয়া তেওঁৰ প্ৰিয় চহৰৰ প্ৰিয়তম নাৰী,
আঙুলিৰ ফাঁকেৰে সৰকি যায়
ৰ'দঘাই আবেলি
জুই সনা বিষাদৰ নৈখন বুকুতে নিচুকাই থৈ
নিসংগতাৰ স'তে আলাপ ৰচে তেওঁ।

মায়াসনা ৰূপোৱালী জোনাক অথবা তৰা ভৰা আকাশ
একোৱেই ভাল নালাগে এতিয়া তেওঁৰ!
শূন্যতাত জাহ যাবলৈ ধৰে এতিয়া
তেওঁৰ আজীৱন সাধনাৰ সৰগ,
কলিজাত মদিৰা ঢালি নিচাসক্ত কৰিবলৈ
উভটি নাহে তেওঁৰ নষ্টালজিয়াৰ মৌপিয়া নাৰী।
সাৰে থাকে ৰাতিটো,সাৰে থাকে তেওঁ…
প্ৰতাৰণাত তিতি থাকে তেওঁৰ বুকুত এতিয়া এখন শূন্য চহৰ।



Comments

Popular posts from this blog

জুইফুল

অস্তিত্ব

শিলাস্তম্ভ