বিচ্ছেদ

 

বিচ্ছেদ
°°°°°°°°°°
                   ✍️জাহ্নৱী কাকতি

(১)

বাট এটা বুলিব খোজোতে
হাত এখনে সাবটি ধৰিছিল
হাত এখনক।

বিচ্ছেদ বুলি জানিও
আমাৰ শকতি নহৈছিল
বান্ধ খুলি বন্ধনমুক্ত হ'বলৈ।

(২)

আৰু অলপ সময় পাছতে
আমি এৰাএৰি হ'ম।

তুমি যাবা তোমাৰ বাটে
মই যাম মোৰ বাটে।

(৩)

এইবাবেই ভাল লাগে প্ৰতাৰণা।
জীয়াব পৰাকৈ গোটেই জীৱনটো
আনন্দ দি দি
এবাৰলৈ দুখ দিয়াৰ
অধিকাৰ সাব্যস্ত কৰি
তেওঁ আজি গ'লগৈ।


Comments

Popular posts from this blog

জুইফুল

অস্তিত্ব

শিলাস্তম্ভ