আত্মানুসন্ধান

 আত্মানুসন্ধান

°°°°°°°°°°°°°°°°°

                            ✍️জাহ্নৱী কাকতি

                                     

পুৱাৰ বেলিয়ে আঁকিছে

এখনি নতুন প্ৰতিচ্ছবি

নাতি-দূৰৈত বিজয়ধ্বজা উৰিছে

বতাহৰ সোঁ-সোঁৱনিত ভাঁহি আহিছে

জয়ধ্বনিৰ গুমগুমনি

শগুণ এজাকে কিৰিলি পাৰিছে

ফেঁচায়ো পাইছে ভোজৰ আমন্ত্ৰণ।


বৰ্ণাঢ্য কোলাহল শুনিছোঁ

বাহিৰত নে মোৰ বুকুৰ অৰণ্যত

গাজনি মাৰি মেঘবোৰ

নামি আহিছে মোৰ আশে-পাশে।


খেলত দৌৰিছে খেলুৱৈ ঘোঁৰাবোৰ

কোনোবা হাৰিছে,কোনোবা জিকিছে

হৰা-জিকাৰ বাবেইতো

খেলৰ ইমান মূল্য।


দুচকুৰ খিৰিকী ছানি কুঁৱলী পৰিছে,

বুকুৰ ভিতৰত ছটফটাই উঠিছে

এটি শীতাৰ্ত আবেলি।

নাটখন চলি আছে নিজৰ গতিত,

প্ৰলেপে ঢাকিছে ক'লা দাগ

ভাৱৰীয়া উজলি।


পোহৰত খেপিয়াই চাওঁ

ঠিকে আছেনে কলিজাটো,

নে বোজা টানি

বিকল হৈ পৰিছে নিশব্দে।


মই পোহৰৰ সাগৰত

নিসংগতা দেখিছোঁ,

সৰিলেই বিছিন্ন হোৱা

সৰাপাতৰ চকুপানী দেখিছোঁ,

উদ্দেশ্য পূৰণৰ শেষত দেখিছোঁ

মানুহৰ স্বাৰ্থপৰতা।


য'তেই গৈছোঁ ঘোৰ অন্ধকাৰ দেখিছোঁ,

আন্ধাৰৰ পৰা পলাব নোৱাৰে মানুহ,

পৰিত্ৰাণৰ ব্যৱস্থাহে কৰি ল'ব পাৰে।


কেতিয়াবা সহিছোঁ,কেতিয়াবা দহিছোঁ,

ঘামিছোঁ,তিতিছোঁ,নিজক বিচাৰিছোঁ।।



Comments

Popular posts from this blog

জুইফুল

অস্তিত্ব

শিলাস্তম্ভ