জুইফুল

জুইফুল
°°°°°°°°°°
                       ✍️জাহ্নৱী কাকতি
জুই
ছাই
আৰু ধোৱা।

পোৰা পোৰা গোন্ধ এটা
নাকত আহি লাগে

সেউজীয়াবোৰ জ্বলি গ’ল
হালধীয়া আমাজানত কোন পৰি ৰ’ল!

কোন থাকে ভাগে ভাগে
হাতত সাৰে ভৰিত সাৰে

কাৰ ইছাৰাত নাচি জ্বলি আছে
লেলিহান শিখা ?

দেখিছনে তই
মঙহবোৰ 
মূৰ আৰু হাড়বোৰ

জুইত পোৰা ঘৰবোৰ কাৰ ?
আমাৰ ।

জুই দিয়া হাতবোৰ কাৰ ?
আমাৰ ।

আমাক আমিয়েই জ্বলাই আছোঁ
পিণ্ড কোনে দিবা কাৰ ?

মাত এষাৰ লগা
সমদল এটা উলিয়া
আমাজনৰ দৰে
বাঘজানো এতিয়া সিফলীয়া ৷

মাজৰাতি কোনে কাক চিঞৰে ?
(ক'ৰবাত জুই একুৰা জ্বলে ,
মাতবোৰ
ধোৱা হৈ নামে  ৷
এই জুই মঙহত লাগি থাকে)
দীঘলীয়া ৰাষ্টাৰে জুইকুৰা
কাৰ ইছাৰাত নাছি নাছি আহি থাকে ?


Comments

Popular posts from this blog

অস্তিত্ব

শিলাস্তম্ভ