দহন

 

দহন
°°°°°°°°
                     ✍️জাহ্নৱী কাকতি

হাংগৰৰ পেটত
তেওঁ সঁপি দিছিল
প্ৰেমৰ ঈশ্বৰ।

(নীলাবোৰ
এতিয়া একাকাৰ )

উপকূলীয় জুই একুৰা জ্বলাই
সাগৰৰ লুণীয়াত
গলি গৈছিল
বিশ্বাসৰ এখিলা উকা কাগজ ।

তেওঁৰ বুকুত
সেয়া
কাৰ তেজ ?

(এতিয়া যে
পোৰা
পোৰা গোন্ধায় )


Comments

Popular posts from this blog

জুইফুল

অস্তিত্ব

শিলাস্তম্ভ