Posts

অস্তিত্ব

  অস্তিত্ব °°°°°°°°°°°                                     ✍️জাহ্নৱী কাকতি                                             (এক) জুইকুৰা নুমাই থবলৈ দিনান্তত বেলিটোৱে সাগৰৰ ওচৰলৈ যায়। বেলি আৰু সাগৰৰ এই প্ৰেম আজন্ম। পোহৰে পোৰা বেলিৰ চকুক সামৰি থবলৈ সাগৰেও বহল কৰি গৈ থাকে তাৰ বুকু। এসাগৰ ভালপোৱাৰে অনাদি কাললৈ সাগৰে জানো বেলিক ৰাখি থ'ব পাৰে জুবুৰিয়াই এই কথা সাগৰে, জোবোৰা মাৰি  উঠি অহা বেলিক কাহানিও সোধা নাই।                           (দুই) আকাশৰ ফেঁহুজালি ফালি নৈখনিৰ স'তে বেলিটোৰ অভিসাৰ চলে। প্ৰতাৰণা যদি কৰিবই বিচাৰে প্ৰয়োজন মাথোঁ সাধাৰণ সুৰুঙা এটাৰহে। নিতৌ সঙ্গমৰত হোৱাৰ পাছতো নদীয়ে জানো দিব পাৰে বেলিক নিজস্ব ঠিকনা যিদৰে বেলি আকাশৰ বুকুৰ নক্ষত্ৰ।                                            (তিনি) পছোৱাত লঠঙা হোৱা গছেও ব'হাগ অহাৰ ক্ষণ গণে সেউজীয়া পোচাক এযোৰ  পিন্ধি লোৱাৰ পাছতো শিপাই জানো মাটিক পাহৰে!

আকাঙ্খা

 আকাঙ্খা °°°°°°°°°°°°                       ✍️জাহ্নৱী কাকতি                           দূৰৈৰ পাহাৰত জিলিকিছিল এটি ভোটা তৰা মাটিৰ চাকিটো ফুৱাই থৈ মই পিন্ধি লৈছিলোঁ শিলৰ চোলা প্ৰতিটো বাধা,সংঘাত নেওচি বগাইছিলোঁ অহৰহ পাহাৰৰ ওখ চুড়া শিখৰ পাই বিকল হ'ল কপাহী কলিজা এৰা! সেয়া জানো আছিল ভোটা তৰা।।          

বিচ্ছেদ

  বিচ্ছেদ °°°°°°°°°°                    ✍️জাহ্নৱী কাকতি (১) বাট এটা বুলিব খোজোতে হাত এখনে সাবটি ধৰিছিল হাত এখনক। বিচ্ছেদ বুলি জানিও আমাৰ শকতি নহৈছিল বান্ধ খুলি বন্ধনমুক্ত হ'বলৈ। (২) আৰু অলপ সময় পাছতে আমি এৰাএৰি হ'ম। তুমি যাবা তোমাৰ বাটে মই যাম মোৰ বাটে। (৩) এইবাবেই ভাল লাগে প্ৰতাৰণা। জীয়াব পৰাকৈ গোটেই জীৱনটো আনন্দ দি দি এবাৰলৈ দুখ দিয়াৰ অধিকাৰ সাব্যস্ত কৰি তেওঁ আজি গ'লগৈ।

ফাগুন

 ফাগুন °°°°°°°°°°°                     ✍️জাহ্নৱী কাকতি পলাশ,শিমলু     অথবা সৰাপাত        শিৰাই শিৰাই ফাগুন                         তুমি বুলি ক'লেই         দেহৰ ভাঁজে ভাঁজে জ্বলে    মদাৰফুলীয়া আগুন                        

শিলাস্তম্ভ

  শিলাস্তম্ভ °°°°°°°°°°°                            ✍️জাহ্নৱী কাকতি : "আছে সুখ-দুখ শৰীৰৰ প্ৰতি,    তাক খণ্ডাব কাৰ বাপৰ শকতি"।                               হেৰোৱালোঁ বুলি জনাৰ বহু আগতেই হেৰাই যায় সেই সকলোবোৰ যিটো এদিন নিশ্চিত বুলি ধৰি লোৱা হৈছিল। এই যে প্ৰাৰ্থনা এটাক তেজত কঢ়িয়াই লৈ ফুৰাৰ পাছতো মন্দিৰ বিচাৰি বিচাৰি ঢপলিয়াই বুজে জানো সেই ব্যথা বুকুত খোপনি পোতা শিলৰ দেৱতাই অহাৰ বাটত লিখা থাকে উভটি যোৱাৰ কথা হাতে হাতে একোখন বিচ্ছেদৰ ৰঙা পতাকা! টোকা: ওপৰৰ শাৰী দুটা যোজনা

দহন

  দহন °°°°°°°°                      ✍️জাহ্নৱী কাকতি হাংগৰৰ পেটত তেওঁ সঁপি দিছিল প্ৰেমৰ ঈশ্বৰ। (নীলাবোৰ এতিয়া একাকাৰ ) উপকূলীয় জুই একুৰা জ্বলাই সাগৰৰ লুণীয়াত গলি গৈছিল বিশ্বাসৰ এখিলা উকা কাগজ । তেওঁৰ বুকুত সেয়া কাৰ তেজ ? (এতিয়া যে পোৰা পোৰা গোন্ধায় )

অণু-কবিতা

 অণু-কবিতা °°°°°°°°°°°°°°                            ✍️জাহ্নৱী কাকতি (১) চহাই মৈয়াই পথাৰখন চিকুণালোঁ। কঠিয়া ৰুব লওঁতেই আকাশখন খহি পৰিল। (২) জীৱনে যিয়েই দিছে মানি লৈছোঁ সদায়। এতিয়া যে বুকুত বুদ্ধক ধাৰণ কৰিছোঁ। ৰ'দ হওক বা বৰষুণ হাৰ মনাব নোৱাৰে। (৩) পৰীক্ষাৰ অন্ত পৰিব আকৌ ৰাতিপুৱাব।