Posts

Showing posts from August, 2020

অস্তিত্ব

  অস্তিত্ব °°°°°°°°°°°                                     ✍️জাহ্নৱী কাকতি                                             (এক) জুইকুৰা নুমাই থবলৈ দিনান্তত বেলিটোৱে সাগৰৰ ওচৰলৈ যায়। বেলি আৰু সাগৰৰ এই প্ৰেম আজন্ম। পোহৰে পোৰা বেলিৰ চকুক সামৰি থবলৈ সাগৰেও বহল কৰি গৈ থাকে তাৰ বুকু। এসাগৰ ভালপোৱাৰে অনাদি কাললৈ সাগৰে জানো বেলিক ৰাখি থ'ব পাৰে জুবুৰিয়াই এই কথা সাগৰে, জোবোৰা মাৰি  উঠি অহা বেলিক কাহানিও সোধা নাই।                           (দুই) আকাশৰ ফেঁহুজালি ফালি নৈখনিৰ স'তে বেলিটোৰ অভিসাৰ চলে। প্ৰতাৰণা যদি কৰিবই বিচাৰে প্ৰয়োজন মাথোঁ সাধাৰণ সুৰুঙা এটাৰহে। নিতৌ সঙ্গমৰত হোৱাৰ পাছতো নদীয়ে জানো দিব পাৰে বেলিক নিজস্ব ঠিকনা যিদৰে বেলি আকাশৰ বুকুৰ নক্ষত্ৰ।                                            (তিনি) পছোৱাত লঠঙা হোৱা গছেও ব'হাগ অহাৰ ক্ষণ গণে সেউজীয়া পোচাক এযোৰ  পিন্ধি লোৱাৰ পাছতো শিপাই জানো মাটিক পাহৰে!

আকাঙ্খা

 আকাঙ্খা °°°°°°°°°°°°                       ✍️জাহ্নৱী কাকতি                           দূৰৈৰ পাহাৰত জিলিকিছিল এটি ভোটা তৰা মাটিৰ চাকিটো ফুৱাই থৈ মই পিন্ধি লৈছিলোঁ শিলৰ চোলা প্ৰতিটো বাধা,সংঘাত নেওচি বগাইছিলোঁ অহৰহ পাহাৰৰ ওখ চুড়া শিখৰ পাই বিকল হ'ল কপাহী কলিজা এৰা! সেয়া জানো আছিল ভোটা তৰা।।          

বিচ্ছেদ

  বিচ্ছেদ °°°°°°°°°°                    ✍️জাহ্নৱী কাকতি (১) বাট এটা বুলিব খোজোতে হাত এখনে সাবটি ধৰিছিল হাত এখনক। বিচ্ছেদ বুলি জানিও আমাৰ শকতি নহৈছিল বান্ধ খুলি বন্ধনমুক্ত হ'বলৈ। (২) আৰু অলপ সময় পাছতে আমি এৰাএৰি হ'ম। তুমি যাবা তোমাৰ বাটে মই যাম মোৰ বাটে। (৩) এইবাবেই ভাল লাগে প্ৰতাৰণা। জীয়াব পৰাকৈ গোটেই জীৱনটো আনন্দ দি দি এবাৰলৈ দুখ দিয়াৰ অধিকাৰ সাব্যস্ত কৰি তেওঁ আজি গ'লগৈ।

ফাগুন

 ফাগুন °°°°°°°°°°°                     ✍️জাহ্নৱী কাকতি পলাশ,শিমলু     অথবা সৰাপাত        শিৰাই শিৰাই ফাগুন                         তুমি বুলি ক'লেই         দেহৰ ভাঁজে ভাঁজে জ্বলে    মদাৰফুলীয়া আগুন                        

শিলাস্তম্ভ

  শিলাস্তম্ভ °°°°°°°°°°°                            ✍️জাহ্নৱী কাকতি : "আছে সুখ-দুখ শৰীৰৰ প্ৰতি,    তাক খণ্ডাব কাৰ বাপৰ শকতি"।                               হেৰোৱালোঁ বুলি জনাৰ বহু আগতেই হেৰাই যায় সেই সকলোবোৰ যিটো এদিন নিশ্চিত বুলি ধৰি লোৱা হৈছিল। এই যে প্ৰাৰ্থনা এটাক তেজত কঢ়িয়াই লৈ ফুৰাৰ পাছতো মন্দিৰ বিচাৰি বিচাৰি ঢপলিয়াই বুজে জানো সেই ব্যথা বুকুত খোপনি পোতা শিলৰ দেৱতাই অহাৰ বাটত লিখা থাকে উভটি যোৱাৰ কথা হাতে হাতে একোখন বিচ্ছেদৰ ৰঙা পতাকা! টোকা: ওপৰৰ শাৰী দুটা যোজনা

দহন

  দহন °°°°°°°°                      ✍️জাহ্নৱী কাকতি হাংগৰৰ পেটত তেওঁ সঁপি দিছিল প্ৰেমৰ ঈশ্বৰ। (নীলাবোৰ এতিয়া একাকাৰ ) উপকূলীয় জুই একুৰা জ্বলাই সাগৰৰ লুণীয়াত গলি গৈছিল বিশ্বাসৰ এখিলা উকা কাগজ । তেওঁৰ বুকুত সেয়া কাৰ তেজ ? (এতিয়া যে পোৰা পোৰা গোন্ধায় )

অণু-কবিতা

 অণু-কবিতা °°°°°°°°°°°°°°                            ✍️জাহ্নৱী কাকতি (১) চহাই মৈয়াই পথাৰখন চিকুণালোঁ। কঠিয়া ৰুব লওঁতেই আকাশখন খহি পৰিল। (২) জীৱনে যিয়েই দিছে মানি লৈছোঁ সদায়। এতিয়া যে বুকুত বুদ্ধক ধাৰণ কৰিছোঁ। ৰ'দ হওক বা বৰষুণ হাৰ মনাব নোৱাৰে। (৩) পৰীক্ষাৰ অন্ত পৰিব আকৌ ৰাতিপুৱাব।

আত্মানুসন্ধান

 আত্মানুসন্ধান °°°°°°°°°°°°°°°°°                             ✍️জাহ্নৱী কাকতি                                       পুৱাৰ বেলিয়ে আঁকিছে এখনি নতুন প্ৰতিচ্ছবি নাতি-দূৰৈত বিজয়ধ্বজা উৰিছে বতাহৰ সোঁ-সোঁৱনিত ভাঁহি আহিছে জয়ধ্বনিৰ গুমগুমনি শগুণ এজাকে কিৰিলি পাৰিছে ফেঁচায়ো পাইছে ভোজৰ আমন্ত্ৰণ। বৰ্ণাঢ্য কোলাহল শুনিছোঁ বাহিৰত নে মোৰ বুকুৰ অৰণ্যত গাজনি মাৰি মেঘবোৰ নামি আহিছে মোৰ আশে-পাশে। খেলত দৌৰিছে খেলুৱৈ ঘোঁৰাবোৰ কোনোবা হাৰিছে,কোনোবা জিকিছে হৰা-জিকাৰ বাবেইতো খেলৰ ইমান মূল্য। দুচকুৰ খিৰিকী ছানি কুঁৱলী পৰিছে, বুকুৰ ভিতৰত ছটফটাই উঠিছে এটি শীতাৰ্ত আবেলি। নাটখন চলি আছে নিজৰ গতিত, প্ৰলেপে ঢাকিছে ক'লা দাগ ভাৱৰীয়া উজলি। পোহৰত খেপিয়াই চাওঁ ঠিকে আছেনে কলিজাটো, নে বোজা টানি বিকল হৈ পৰিছে নিশব্দে। মই পোহৰৰ সাগৰত নিসংগতা দেখিছোঁ, সৰিলেই বিছিন্ন হোৱা সৰাপাতৰ চকুপানী দেখিছোঁ, উদ্দেশ্য পূৰণৰ শেষত দেখিছোঁ মানুহৰ স্বাৰ্থপৰতা। য'তেই গৈছোঁ ঘোৰ অন্ধকাৰ দেখিছোঁ, আন্ধাৰৰ পৰা পলাব নোৱাৰে মানুহ, পৰিত্ৰাণৰ ব্যৱস্থাহে কৰি ল'ব পাৰে। কেতিয়াবা সহিছোঁ,কেতিয়াবা দহিছোঁ, ঘামিছোঁ,তিতিছোঁ,নিজক বিচাৰিছোঁ।।

জুইফুল

জুইফুল °°°°°°°°°°                        ✍️জাহ্নৱী কাকতি জুই ছাই আৰু ধোৱা। পোৰা পোৰা গোন্ধ এটা নাকত আহি লাগে সেউজীয়াবোৰ জ্বলি গ’ল হালধীয়া আমাজানত কোন পৰি ৰ’ল! কোন থাকে ভাগে ভাগে হাতত সাৰে ভৰিত সাৰে কাৰ ইছাৰাত নাচি জ্বলি আছে লেলিহান শিখা ? দেখিছনে তই মঙহবোৰ  মূৰ আৰু হাড়বোৰ জুইত পোৰা ঘৰবোৰ কাৰ ? আমাৰ । জুই দিয়া হাতবোৰ কাৰ ? আমাৰ । আমাক আমিয়েই জ্বলাই আছোঁ পিণ্ড কোনে দিবা কাৰ ? মাত এষাৰ লগা সমদল এটা উলিয়া আমাজনৰ দৰে বাঘজানো এতিয়া সিফলীয়া ৷ মাজৰাতি কোনে কাক চিঞৰে ? (ক'ৰবাত জুই একুৰা জ্বলে , মাতবোৰ ধোৱা হৈ নামে  ৷ এই জুই মঙহত লাগি থাকে) দীঘলীয়া ৰাষ্টাৰে জুইকুৰা কাৰ ইছাৰাত নাছি নাছি আহি থাকে ?

প্ৰতাৰণাত তিতি থাকে তেওঁৰ বুকুত এতিয়া এখন শূন্য চহৰ

প্ৰতাৰণাত তিতি থাকে তেওঁৰ বুকুত এতিয়া এখন শূন্য চহৰ °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°                                                 ✍️ জাহ্নৱী কাকতি শোৱাপাটীত সপোন এৰি সাৰে থাকে তেওঁৰ ৰঙবিহীন চকুযুৰি, উদাসী ভাবনা এটাই গিলি ধৰে তেওঁৰেই ইচ্ছাৰ ৰাগী। দূৰৈৰ ষ্টেচনত উকি মাৰি ৰেলখন পাৰ হৈ গুচি যায় ক্ৰমশঃ দূৰ দূৰণিলৈ উকিটো তেওঁৰ কাণতে বাজি ৰয় সাৰে থাকে ৰাতিটো,সাৰে থাকে তেওঁ! বুকুৰ আছুতীয়া কোঠালিটোত সপোন এটা গোপনে পুহি ৰাখিছিল তেওঁ, এইবেলি বসন্তৰ চিপচিপিয়া বৰষুণজাকত প্ৰেয়সীৰ স'তে তিতিব,গাব মধুযামিনীৰ গান। ৰাতিৰ খোজত দিনটো পিছলিব ধৰোতেই ঋতু এটা ভটিয়াই যায়, প্ৰেমৰ পাটকাই বগাই বগাই তেওঁ এজাক বৰষুণৰ প্ৰাৰ্থনা গায়। আলোড়ন উঠে আকাশত বতাহে বতাহে সুৰ এটি ভাঁহি আহি তেওঁৰ কাণত পৰে, নীলা ব্লাউজৰ কাষলতিত আতৰ সানি এইবাৰ হেনো তেওঁৰ প্ৰেয়সী নাহে! আস…কি যে বিড়ম্বনা… মেঘেও কৰে তেওঁৰ সৈতে প্ৰতাৰণা… কোনোবা অচিন ষ্টপেজত বাস কৰে এতিয়া তেওঁৰ প্ৰিয় চহৰৰ প্ৰিয়তম নাৰী, আঙুলিৰ ফাঁকেৰে সৰকি যায় ৰ'দঘাই আবেলি জুই সনা বিষাদৰ নৈখন বুকুতে নিচুকাই থৈ নিসংগত

তেজত শিপাই থকা সেই পুৰুষজন

তেজত শিপাই থকা সেই পুৰুষজন °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°                       ✍️জাহ্নৱী কাকতি বুকুৰ সমস্ত ভালপোৱা উজাৰি দি প্ৰতিটো উশাহ তেওঁৰ নামত সঁপি দিয়া সমৰ্পণৰ পাছতো যদি প্ৰিয় পুৰুষজনক সুখী কৰিব পৰা নাযায় সেয়া হয়তো নিজৰেই চৰম ব্যৰ্থতা। তেওঁক সুখী কৰিবলৈ মোৰ নিত্ত নতুন আয়োজন, ভালে থাকক মোৰ প্ৰিয় পুৰুষ। সুখী কৰিব পৰা জোখাৰে মই চহকী নহয় তথাপিও তেওঁক মুক্ত কৰি দিব পৰাকৈ মই নিঃস্বাৰ্থ নহয়। ভালপোৱাৰ স্বাৰ্থত বুকুত ধাৰণ কৰি ৰাখোঁ তেওঁক। প্ৰেমৰ বজাৰত তেওঁ হেনো 'লাৱাৰিছ লাছ'। চিন্তাবোৰ পাহাৰৰ দৰেই উচ্চ, হৃদয় নৈৰ পানীৰ দৰেই স্বচ্ছ আৰু সোঁতত বৈ যাব পৰাকৈ সৰল বাবেই কংক্ৰিটৰ চহৰত তেওঁক তেওঁৰ সাঁচতে ধৰি ৰাখিবলৈ হাজাৰ অভিমানৰ পাছতো কাষত থাকোঁ। হিয়াত ভালপোৱাৰ বুৰবুৰণি তুলিব পৰাকৈ তেওঁ মোৰ প্ৰিয়তম পুৰুষ, শিলৰ পোছাকযোৰ খুলি সামৰি থ'ব পৰাকৈ বিশ্বাসৰ বৰপেৰা অথবা বুকুৰ বাৎসল্য প্ৰেমক নিচুকাই থ'বলৈ এটি মৰম আকলুৱা শিশু; মোৰ প্ৰতিটো অন্বেষণৰ সীমনা তেওঁ। মোহ আছে বাবেই হেৰুওঁৱাৰ ভয় জাগে। তেওঁ যে কথাই কথাই আত্মহননৰ কথা টানে। আকৰ্ষণ মানে ভালপোৱা নহয়, কিন্তু ভালপোৱাততো আকৰ্ষণ থাকে। আ